আমেৰিকান গায়ক B J Thomas-ৰ গীতিকবিতা "Raindrops are falling on my head"-ৰ অসমীয়া ৰূপান্তৰ

বৰষুণৰ টোপালবোৰ মোৰ মূৰে-গায়ে পৰিছে

(পুলক জ্যোতি শৰ্মা)

বৰষুণৰ টোপালবোৰ মোৰ মূৰে-গায়ে পৰিছে

ক'তো খাপ খাব নজনা মানুহ এজনৰ দৰেই

আজি ভাৱ-চিন্তা আৰু কথা-কামবোৰ পৰিস্থিতিত খাজেখোপে নপৰা যেন লাগিছে

এই বৰষুণৰ টোপালবোৰ অবিৰাম মোৰ মূৰে-গায়ে পৰিয়েই আছেচোন

মই সেয়ে বেলিটোৰ লগতে দুষাৰমান কথাপাতি ক'লোঁ

বোলো হেৰা তুমিযে গাফিলতি কৰি নিজৰ কাম পেলাই থৈছা

সেইটো মুঠেই ভাল হোৱা নাই

এই বৰষুণৰ টোপালবোৰ অবিৰাম মোৰ মূৰে-গায়ে পৰিয়েই আছেচোন

এটা কথা মই হ'লে ভালকৈয়ে জানো

বতৰ যিমানেই আপদীয়া নহওক

মই পিচে হাৰ নেমানো

সুখৰ ক্ষণবোৰৰ মৌসনা মাতষাৰ শুনিবলৈ আৰু কিমান পলনো

বৰষুণৰ টোপালবোৰ মোৰ মূৰে-গায়ে পৰিছে

তাৰমানে এনে নহয় যে মোৰ দুচকু চলচলীয়া হ'ব

কন্দাকটা কৰাতো মোৰ স্বভাৱো নহয়

আৰু মোৰ ওজৰ-আপত্তিত বৰষুণজাকোতো স্তব্ধ নহয়

মন মোৰ মুক্ত

দুঃসময়ে কৰিব নোৱাৰে ৰুদ্ধ

আনন্দৰ ক্ষণবোৰেৰে অচিৰেই হ'ব উদুলি-মুদুলি মোৰ পদূলি

বৰষুণৰ টোপালবোৰ মোৰ মূৰে-গায়ে পৰিলেও পৰক

তাতেনো কিয় মোৰ চকু সেমেকি উঠিব

চকুলোটোকা মোৰ স্বভাৱো নহয়

মোৰ ওজৰ-আপত্তি শুনিতো বৰষুণজাকো স্থৱিৰ নহয়

মন মোৰ স্থিৰ

গতি মোৰ অনিৰুদ্ধ


--------------------------------------------

Raindrops are falling on my head

(B.J. Thomas)

Raindrops are falling on my head

And just like the guy whose feet are too big for his bed

Nothing seems to fit

Those raindrops are falling on my head, they keep falling

So I just did me some talking to the sun

And I said I didn't like the way he got things done

Sleeping on the job

Those raindrops are falling on my head, they keep falling

But there's one thing I know

The blues they send to meet me

Won't defeat me, it won't be long

Till happiness steps up to greet me

Raindrops keep falling on my head

But that doesn't mean my eyes will soon be turning red

Crying's not for me

'Cause I'm never gonna stop the rain by complaining

Because I'm free

Nothing's worrying me

It won't be long till happiness steps up to greet me

Raindrops keep falling on my head

But that doesn't mean my eyes will soon be turning red

Crying's not for me

'Cause I'm never gonna stop the rain by complaining

Because I'm free

Nothing's worrying me



********